প্ৰথমটো প্লাজমা বেংক স্থাপন জি এম চি এইচত

ৰাজ্যৰ গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল প্লাজমা বেংক। শুক্ৰবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জি এম চি এইচত প্লাজমা বেংকটোৰ শুভাৰম্ভণি কৰে।
 
 
 
প্লাজমা বেংকটোত প্ৰথম প্লাজমা দান কৰে চিকিৎসক ডাঃ লিথিকেশে। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰথমগৰাকী চিকিৎসক জি এম চি এইচত কৰ্মৰত ডাঃ লিথিকেশ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছিল।
 
 
ৰাজ্যৰ এই প্ৰথমটো প্লাজমা বেংক শুভাৰম্ভ কৰাৰ পিছতে ইতিমধ্যে ক’ৰণা ভাইৰাছৰ পৰা আৰোগ্য হোৱা লোকসকলক আগবাঢ়ি আহি প্লাজমা প্ৰদান কৰাৰ কাৰণে আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Comments (0)
Add Comment