প্ৰস্তুতি তুংগত উত্তৰ-পূৱ প্ৰাগ চিনে এৱাৰ্ড

উত্তৰ পুৰ্বাঞ্চলৰ সৰ্ববৃহৎ চলচিত্ৰ বঁটা প্ৰদান অনুষ্ঠান প্ৰাগ চিনে এৱাৰ্ড ২৬ আৰু ২৭ মে’ত গুৱাহাটী মেডিকেল কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। পঞ্চমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানটোত বলিউডৰ বহুকেইগৰাকী চুপাৰষ্টাৰ মডেলে অংশগ্ৰহণ কৰিব। এইবাৰ প্ৰাগ চিনে এৱাৰ্ড নৰ্থ ইষ্ট, ২৹১৮ত বিশিষ্ট অতিথি হিচাপে ছুপাৰষ্টাৰ গোবিন্দা, অভিনেত্ৰী হোমা কুৰুছী, ইহানা ধীপ্লা আদিল হুছেইনকে আদি কৰি বহুতো তাৰকা উপস্থিত থাকিব। আজি হোটেল গ্ৰেটৱেট আয়োজন কৰা এক সংবাদমেলত প্ৰাগ চিনে এৱাৰ্ডৰ মুখ্যপৃষ্ঠ পোষক সঞ্জীৱ নাৰায়নে কয় যে প্ৰাগ চিনে এৱাৰ্ডৰ উদ্দেশ্য হ’ল চিনেমা জগতক আগুৱাই নিয়া আৰু প্ৰতিভাধৰ সকলক স্বীকৃতি প্ৰদান কৰা। 

প্ৰাগ চিনে এৱাৰ্ডে এনেকুৱা এখন মঞ্চ গঢ়ি তুলিব সক্ষম হৈছে আৰু পূৰ্বে য’ত অনুষ্ঠান পতা হৈছে তাৰ পৰা এখনকৈ হ’লেও অসমীয়া চিনেমা নিৰ্মাণ হৈছে। প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ চলচিত্ৰ শ্ৰেষ্ঠ, পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব। সংবাদমেলত উপস্থিত থাকি পৰিচালন সঞ্চালক প্ৰণয় বৰদলৈয়ে কয় যে প্ৰাগ চিনে এৱাৰ্ড ২৹৹৩ বৰ্ষৰ পৰা আৰম্ভ হৈছিল। অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে এই অনুষ্ঠান হৈছে। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাগজ্যোতিকা নামৰ স্মৰণিকা উন্মোচন কৰা হ’ব। দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানটো ভাৰতবৰ্ষৰ ৯ টা চেনেল যোগে সম্প্ৰচাৰ হ’ব। সংবাদ মেলখনত অভিনেত্ৰী নিশিতা গোস্বামী, প্ৰযোজক নয়ন প্ৰসাদ, ৰাজেশ শৰ্মাকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment