পৰিবেশ সংৰক্ষণ কৰিলেহে আমাৰ ভবিষ্যত সুন্দৰ হ’ব

আমাৰ ৰাজ্য খনৰ উন্নয়নৰ বাবে গ্ৰাম্য পৰ্যটনক অধিক সবল ৰূপত তুলি ধৰিব লাগিব। ৰাজ্য খনৰ অধিকাংশ অঞ্চলেই গ্ৰাম্য প্ৰধান অঞ্চল যদিও অতি পৰিতাপৰ বিষয় যে আমি গ্ৰাম্য পৰ্যটনক গুৰুত্ব নিদিওঁ। গুৰুত্ব নিদিওঁ আমাৰ চাহ উদ্যোগক অথবা মৰাপাট উদ্যোগক। বিশেষকৈ আমাৰ লগত এটা ডাঙৰ সম্পত্তি আছে, সেয়া হ’ল নদীৰ পানী। পানীক আমি এতিয়াও সদব্যৱহাৰ কৰিব শিকা নাই। যিটো ইতিমধ্যে আমাৰ চুবুৰীয়া ৰাজ্য ভূটান আৰু চিকিমে কৰিছে। গ্ৰাম্য পৰ্যটনক প্ৰসাৰ ঘটোৱা আৰু পৰিবেশ, প্ৰকৃতিৰ প্ৰতি সজাগ সৃষ্টি কৰাৰ বাবে ১১ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰে যি বৈঠকত মিলিত হৈছিলো, সকলোবোৰৰে উৎসাহৰ ঢল দেখি আনন্দিত হ’লো। আজি বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হোৱা মুকলি বৈঠকত এনেদৰে মন্তব্য কৰে বালিপাৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা ৰঞ্জিত বৰঠাকুৰে।

চীন আৰু ভাৰতৰ মাজত সংঘাত পূৰ্ণ সময়তে অসমলৈ অহা তিব্বত প্ৰশাসনৰ লবচাং চাংগে মন্তব্য কৰে যে পানীৰ সমস্যা চীনৰ বাবে এক ভয়াবহ সমস্যা।  ব্ৰহ্মপুত্ৰ যেতিয়া বানপানীত উফন্দি উঠে, তেতিয়া তিব্বতটো সমস্যাৰ সৃষ্টি হয়। কৃত্ৰিম ভাৱে ব্ৰহ্মপুত্ৰৰ গতিৰ দিশ সলনি কৰিলে বিশেষ ফল নধৰে।

আনহাতে, প্ৰিয়ংকা য়াশিকাৱাই বালিপাৰা ফাউণ্ডেচনৰহৈ মন্তব্য কৰে যে এই বৈঠকখনৰ পৰা বহুতো কথা জানিব পাৰিলো। জাপানত উত্তৰ পূব তথা অসমৰ পৰ্যটনৰ হৈ প্ৰচাৰ চলাম।

Comments (0)
Add Comment