বতৰৰ প্ৰতিকূলতাক নেওচি জিষ্ণু,প্ৰিতিশ হতে গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ

এদল তৰুণ। যাৰ চকুৰ পতাত জিলিকে ৰঙীন পৃথিৱীৰ সোণোৱালী সপোন৷ যি সময়ত উঠি অহা নতুন প্ৰজন্ম বিপথে গৈছে বুলি সৰব চৰ্চা চলি আছে, সেই সময়ত যোৰাহাটৰ জিষ্ণু, প্ৰিতিশ, প্ৰিয়াহঁতৰ প্ৰচেষ্টাই সমাজলৈ আশা বতৰা কঢ়িয়াইছে৷
 
 
আজিৰ পৰা কিছুদিনৰ আগতে যোৰহাটৰ বহু কেইখন আগ শাৰীৰ মহাবিদ্যালয়ৰ কেইজনমান বন্ধু লগ হৈ হোৱাটছআপত বৰলুইত নামেৰে এটা গ্ৰুপ গঠন কৰে। এজন দুজনকৈ ৰাজ্যৰ ভিন্নপ্ৰান্তৰ প্ৰায় ১৫০ জন সদস্য লগ হৈ সমাজৰ বাবে কিছু কাম কৰাৰ বাবে মন মেলে।
 
 
সেই অনুসৰিয়েই  তেওঁলোকে আজি বানে ধোৱা কিছু অঞ্চলত  খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। যোৰহাটৰ নিমাতি ঘাট,টীয়কৰ জাঁজীমুখ বেজৰ চিগা আৰু মেলেং বালি চাপৰি আদি অঞ্চলৰ দুৰ্ভগীয়া বন্যাৰ্তৰ কাষত থিয় হয় আৰু প্ৰায় ২৮৫ টা পৰিয়ালক কিছু খাদ্যসামগ্ৰী বিতৰণ কৰে৷
 
সম্প্ৰতি সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ মাজতো এই সকল তৰুণে একাঠু পানীৰ মাজত আহি সেৱা আগবঢ়োৱা কাৰ্য্যক সকলোৱে আদৰণি জনায়।

Comments (0)
Add Comment