বাঘজানৰ ক্ষতিগ্ৰস্তলৈ আজমলৰ ১০লাখ টকাৰ আৰ্থিক সাহাৰ্য্য

বাঘজান কাণ্ডৰ বিধ্বস্তত জনসাধাৰণক আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে আজমল ফাউণ্ডেচনে। সাংসদ বদৰুদ্দিন আজমলে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ১০লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। ইতিমধ্যে আজমল ফাউণ্ডেচনৰ এটা দল বাঘজানলৈ ৰাওনা হৈছে। তৈলখাদত সংঘটিত হৈছিল এক বিধ্বংসী অগ্নিকাণ্ড। উল্লেখ্য যে এগৰাকী কংগ্ৰেছী বিধায়কৰ সহযোগত বাঘজানলৈ আ এ আই ইউ ডি এফৰ তিনি জনীয়া এটা দল আছে। এই তিনিজনীয়া দলটোৱে বাঘজানৰ ক্ষতিগ্ৰস্থ লোকসকলক কাইলৈ সাহাৰ্য্য বিতৰণ কৰিব।
 
 
বাঘজানৰ ৰাইজে এতিয়া সুৰক্ষাৰ বাবে নিজৰ ঘৰ এৰি আশ্ৰয় লৈ আছে আশ্ৰয় শিৱিৰ সমূহত। আজমল ফাউণ্ডেচনে আশ্ৰয় শিবিৰ সমূহত আশ্ৰয় লৈ থকা ৩হাজাৰ লোকক সাজ-পোছাক বিতৰণ কৰিব। উল্লেখযোগ্য যে আজমল ফাউণ্ডেচনে এই বিধ্বংসী অগ্নিকাণ্ডত মৃত্যুক সাৱটি লোৱা অইল ইণ্ডিয়া লিমিটেডৰ দুই সাহসী যোদ্ধা দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ পৰিয়াল দুটাক ৫০হাজাৰৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। অনাগত দিনত যাতে এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰলৈ আহ্বান জনায়।

Comments (0)
Add Comment