বাহুবলী-২ ত অসমৰ যুৱকৰ বিশেষ ভূমিকা

সম্প্ৰতি সময়ত বিনোদন জগতত খলকনি সৃষ্টি কৰা চিনেমা হৈছে বাহুবলী-২। এছ এছ ৰাজমৌলিয়ে পৰিচালিনা কৰা এই চিনেমাখন ইতিমধ্যে প্ৰায় ৮ হাজাৰ পৰ্দাত প্ৰদৰ্শিত হৈছে। জানি সুখী হ’ব যে এই চিনেমাখনৰ নিৰ্মাণৰ ক্ষেত্ৰত জড়িত হৈ আছে এজন অসমীয়া যুৱক। তেওঁক লৈ প্রস্তুত কৰা হৈছে আজিৰ এই প্ৰতিবেদন।

ঠাইখন সৰু আছিল যদিও ১৭ বছৰ আগতেই তেওঁ দেখিছিল ঠাইখনৰ  আন দহজন ল’ৰাই নেদেখা কিছু সপোন। সেই সপোন বোৰ পূৰ্ণ কৰিবলৈ এদিন তেওঁ ঢাপলি মেলিছিল সুদূৰ মুম্বাইলৈ। কথাতে কয় সপোন দেখিলেহে বাস্তৱত পৰিণত কৰিব পাৰি। হয়, আপোনাক জনাইছো বাহুবলী ২ লগত জড়িত থকা বৰপেটা জিলাৰ সৰভোগৰ কলিতাপাৰাৰ বিজু দাসৰ বিষয়ে। উল্লেখযোগ্য যে বাহুবলী- ২ ত Animation and Special Effects ৰ কামৰ লগত বিজু দাস জড়িত হৈ আছে। সেয়েহে  বলিউড জগতত বিশেষ নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আমি কথা পাতিছিলো বিজু দাস এই যাত্ৰাৰ বিষয়ে, তেওঁ আমাক এনেদৰে জনায়- ২০০৪ চনত বৰনগৰ কলেজৰ পৰা ডিগ্ৰী গ্ৰহণ কৰি Zee Institute of Creative Arts ত ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰো, ইয়াৰ পিছতেই হায়দৰাবাদলৈ গৈ বহু কেইখন চিৰিয়েলত Animation ৰ কাম কৰো। এয়াই মোৰ কৰ্মজীৱনৰ আৰম্ভণি। স্মৰ্তব্য যে বাহুবলী-২ খনত Animation and Special Effects ৰ তেওঁৰ কামত সহযোগ কৰিছিল আন ৪ জন যুৱকে।

বাহুবলী-২ ত কাম কৰি হোৱাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচৰাত বিচৰাত এনেদৰে জনায়- খুবেই ভাল লগা অভিজ্ঞতা। বিশেষকৈ Director ৰ জনৰ Sincerity ত আপ্লুত হৈছিলো। পৰৱৰ্ত্তী সময়ত অসমলৈ গৈ লাচিত বৰফুকনৰ জীৱন গাঁথাৰ ওপৰত Animation ছবি নিৰ্মাণৰ পৰিকল্পনা ৰাখিছো। উঠি অহা চামক লৈ এই ক্ষেত্ৰত অগ্ৰসৰ হোৱা ইচ্ছা আছে। অসম গৌৰৱ বিজু দাসক আমি এই আপাহতে আমি জনাইছো অলেখ শুভকামনা। 

কৃতজ্ঞতা- আব্দুল কায়ুম

Comments (8)
Add Comment
  • ripunjay bordoloi

    Congratulation to Biju. Tekhetar Lachit Barphukanar Uparat banaba bisara animation sabi khanar baba agrahara bat salo

  • Munin Das

    Very Very Nice

    • Munin Das

      Very Very Nice Biju Da

  • Munin Das

    সচাকৈ বহুত ভাল লাগিছে বিজু দা আপোনাৰ বিষয় পঢ়ি ধন্যবাদ দাদা

  • Sunayan borkakoti

    We are proud of you

  • Madhab Das

    Bahut Val lagil. Aaru aag bahi jaok. Teloi bahut Huvakamona thaki. Logote ei Val khbr2 jonuwar babe nefocus k dhoinobad jonalu. Aaru Val khbr puwar aakha thakil. Thanks again nefocus

    • Sangeetasaikia

      Thanks

  • Madhab Das

    Sorry some typing mistake “teuloi” & “thakil”