বিশেষভাৱে আজি স্থান লাভ কৰিলে এই খবৰে

নাগালিমক লৈ অসমৰ ৰাইজ শংকিত হ’ব নালাগে। অসমৰ ভৌগোলিক অখণ্ডতাৰ ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব। উমানন্দ মন্দিৰক ন ৰূপত সজাই পৰাই তোলা অৰ্থাৎ মেৰামতি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই মন্তব্য  নৱনিযুক্ত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ। আজি ৰাজভৱনত অনুষ্ঠিত সাংবাদিকৰে সৈতে এক মত বিনিময় অনুষ্ঠানত এই মন্তব্য কৰে। উল্লেখযোগ্য যে ড° অম্বেদকাৰৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ৩ গৰাকী উদ্যমীক প্ৰধান মন্ত্ৰীৰ মুদ্ৰা যোজনাৰ অধীনত  বেংকৰ জৰিয়তে মুদ্ৰা লোন প্ৰদান কৰা হ’ব  বুলি জানিবলৈ দিয়ে। স্মতৰ্ব্য যে অনুসুচিত জাতি জনজাতি আৰু অন্যন্যা পিছপৰা শ্ৰেণী লোকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। 
আনহাতে, সুকল্প ফাউণ্ডেচনে নিবনুৱা সকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। Sulkalp Super -50 শীৰ্ষ এক কচিং সেৱাৰ জৰিয়তে বেকিং, প্ৰতিযোগিতা মুলক পৰীক্ষাৰ বাবে প্ৰস্তুুতি চলাব পৰাকৈ ছাত্ৰ-ছাত্ৰীক সহযোগ কৰিব। মাত্ৰ ১০০০ টকা  ৰেজিষ্টেচনৰ বিনিময়ত বিনামুলীয়াকৈ কচিং সেৱা আগবঢ়াব। উল্লেখযোগ্য যে কেৱল গুৱাহাটীতেই নহয়, সমগ্ৰ অসমতে এই ফাউণ্ডেচনে অনাগত দিনত কাম কৰি যাব বুলি এক সংবাদ মেলত সদৰী কৰে।
Comments (0)
Add Comment