বিশ্ব যুৱ কাৰাটে প্ৰতিযোগিতাত সফলতা

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে অসমৰ খেলুৱৈ। বিশ্ব যুৱ কাপ কাৰাটে প্ৰতিযোগিতাত অসম সন্তান হেমফু বংজাঙে সমগ্ৰ অসম বাসীৰ লগতে ভাৰত বাসীৰ হৈ কঢ়িয়াই আনিছে এই সফলতা। উল্লেখযোগ্য যে ক্ৰোৱেচিয়াৰ উমাগত অনুষ্ঠিত হোৱা বিশ্ব যুৱ কাপ কাৰাটে প্ৰতিযোগিতাত ১২ বছৰ অনুৰ্দ্ধ শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই বিশ্ব যুৱ কাপ কাৰাটে প্ৰতিযোগিতাত ভাৰতৰ পৰা মুঠ ৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

বংজাঙৰ এনে সফলতাৰ পিছতে খেলুৱৈ গৰাকীক কাৰাটে এচো’চিয়েচন অৱ ইণ্ডিয়াই শুভেচ্ছা জনাইছে। ইয়াৰ উপৰিও বিদেশৰ মাটিত পদক অৰ্জন কৰি ৰাজ্য খনৰ লগতে দেশ খনৰ সন্মান কঢ়িয়াই অনা হেমফু বমজাঙক ইউনাইটেড কাৰাটে ড’ এচো’চিয়েচন অসমে শুভেচ্ছা জনাইছে। এই কথা জানিবলৈ দিয়ে দলটোৰ প্ৰশিক্ষক নগেন বংজাঙে।

Comments (0)
Add Comment