বি এছ এফত মহাপৰিদৰ্শক হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিলে ৰাজেশ কুমাৰে

সীমান্ত নিৰাপত্তা বাহিনীৰ(বি এছ এফ) আজাৰা পাটগাওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ ২৯৯৮ বেটছৰ বিষয়া ৰাজেশ কুমাৰে মঙলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছে।
 
ইয়াৰ পূৰ্বে এম টেকত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৰাজেশ কুমাৰে বি এছ এফৰ পশ্চিম কমাণ্ডত মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে বিগত ২২বছৰে দেশৰ বিভিন্ন প্ৰান্তত সুখ্যাতিৰে সেৱা আগবঢ়োৱা আৰু সীমান্তৰ বিষয়ে অভিজ্ঞতা সম্পন্ন ৰাজেশ কুমাৰৰ নিযুক্তিয়ে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এক গুৰুত্বপূৰ্ণ অংশৰ পহৰাৰ দায়িত্বত থকা গুৱাহাটী ফ্ৰণ্টিয়াৰক শক্তিশালী কৰিব বুলি আশা ব্যক্ত কৰা হৈছে।

Comments (0)
Add Comment