বৰদোৱাৰ দৌল উৎসৱ আৰু বাৰে চহৰীয়া ভাওনা

দৌল উৎসৱৰ লগত সম্পৰ্কিত এটা জানিবলগীয়া প্ৰসংগ যে অসমতকৈ আগতেই ভাৰতৰ বিভিন্ন ঠাইত বৈষ্ঞৱ ধৰ্ম দুটা প্ৰধান ভাগত বিভক্ত হৈছিল। এটা শ্ৰীকৃষ্ঞ কেন্দ্ৰিক আনটো ৰামচন্দ্ৰ কেন্দ্ৰিক। দুয়োটা শাখাকে একত্ৰিত ৰামকৃষ্ঞ অভিন্ন বুলি কোৱা একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌল মন্দিৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ পৰাই বৰদোৱাত দৌল উৎসৱ আৰম্ভ হৈছিল।

এক পৰম্পৰা ভিত্তিত সত্ৰীয়া সংস্কৃতিৰে বৰদোৱাত দৌল উৎসৱ উদযাপিত হৈ আহিছে। পূৰ্নিমা তিথিৰ দিনা গায়ন বায়ন, আয়তীৰ উৰুলিৰ মাজেৰে ফাকু খেলে। সেয়েহে এই কেইদিন বৰদোৱা থানত ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়।

আজিৰে পৰা ঐতিহাসিক বাৰেচহৰীয়া ভাওনা আৰম্ভ হৈছে। জামুগুৰি হাটৰ পকামুৰা পথাৰত অনুষ্ঠিত হোৱা বাৰেচহৰীয়া ভাওনাৰ এক সুকীয়া বৈশিষ্ট্য আছে।

শংকৰ দেৱ আৰু মাধৱ দেৱৰ দৰ্শনৰ আধাৰত গঢ় লৈ উঠা এই বাৰেচহৰীয়া ভাওনা ২২০ বছৰীয়া পুৰণি। বাৰেচহৰীয়া ভাওনাৰ প্ৰথম দিনা গন্ধোৎসৱ, দ্বিতীয় আৰু তৃতীয় দিনা ভাওনা, চতুৰ্থ দিনা সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হ’ব। উল্লেখযোগ্য যে প্ৰতি ৫বছৰৰ ব্যৱধানত উদযাপিত হৈ অহা বাৰেচহৰীয়া ভাওনা এইবাৰ ৪মাৰ্চ তাৰিখে অন্ত পৰিব। জানিব পৰা মতে ৪২ খন ভাওনা বাৰেচহৰীয়া ভাওনাত প্ৰদৰ্শিত হ’ব।

সহযোগ কৰিলে ৰাহুল দেৱ বৰদলৈ আৰু ৰিণ্টু হাজৰিকাই

Comments (0)
Add Comment