বৰভেটিত ন লগোৱা উৎসৱৰ প্ৰস্তুতি

ঐতিহ্যমণ্ডিত অষ্টভুজদেৱৰ বৰভেটিত প্ৰস্তুতি চলিছে ন লগোৱা উৎসৱৰ।যোৰহাটৰ মালৌ পথাৰত অৱস্থিত বৰভেটি স্থানত সেয়েহে উখল মাখল পৰিবেশে বিৰাজ কৰিছে।তোৰণত ৰং কৰাৰ পৰা আৰম্ভ কৰি চাফাই কাম চলি থকা পৰিলক্ষিত হৈছে ।এই সম্পৰ্কে ন লগোৱা উৎসৱৰ উদযাপন সমিতিৰ পূৰ্ণকান্ত বৰাই এনেদৰে কয়-এইবাৰ ২৫১ সংখ্যক ন লগোৱা উৎসৱ অনুষ্ঠিত হ’ব ।উদযাপন সমিতিয়ে ভক্ত সকলক আদৰাৰ বাবে প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছে।অষ্টভুজদেৱৰ বৰভেটিত স্থাপন হৈছিল ১৭৬৮খ্ৰীষ্টাব্দত।মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে মালৌপথাৰৰ যুগমীয়া প্ৰতীক ৰাখিবৰ বাবে ৮লক্ষাধিক শিষ্যক মাটি দান কৰিবলৈ আহ্বান জনায়।শিষ্যৰ এচপৰা মাটিৰ দানে বৰভেটিত প্ৰতিষ্ঠা হয়।কৃষকসকলে ধান চপোৱাৰ পিছত এই উৎসৱ উদযাপন কৰে।উল্লেখযোগ্য যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো এই উৎসৱ উদযাপন কৰা হৈছে।দুদিনীয়া কাৰ্যসূচীয়ে ২৪নৱেম্বৰ আৰু ২৫নৱেম্বৰ অনুষ্ঠিত হ’ব লগা এই উৎসৱত প্ৰায় দুই লক্ষাধিক ভক্তৰ সমাগম হ’ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।

Comments (0)
Add Comment