ভাষাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে প্ৰবাসী অসমীয়াই

ছবিয়ে মিছা নকয়। ওপৰৰ ছবি খনলৈ মন কৰক।এদল ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি থকা এখন বিদ্যালয়ৰ ছবি। যি সময়ত অসমীয়া ভাষা সংকটে গা কৰি উঠিছে, দল সংগঠনে ভাষাৰ অস্তিত্ব ৰক্ষাৰ যুজত উঠিপৰি লাগিছে, সেই সময়ত মেঘালয়ৰ শ্বিলংত এদল স্বদেশ প্ৰেমীয়ে ভাষা ৰক্ষাৰ যুজত অৱতীৰ্ণ হোৱা খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে। স্বেচ্ছাসেৱী সংগঠন কাপ সৈনিকৰ উদ্যোগত অসমীয়া ভাষা শিকন কৰ্মশালা চলি আছে|উল্লেখযোগ্য যে বিগত এবছৰ ধৰি শ্বিলংৰ লাবান অসমীয়া বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া ভাষা শিকনৰ কৰ্মশালা চলি আছে।যাৰ জৰিয়তে অসমীয়া ক’ব অথবা লিখিব নজনা বহুতে অসমীয়া ভালকে ক’ব লিখিব পাৰিছে। এই সম্পৰ্কে বৰ্ণালী হাজৰিকাই এনেদৰে কয়-আমাৰ ইয়াত প্ৰতি দেওবাৰে ক্লাছ সমূহ হয়। বৰ্তমানে ৩৬ জন শিক্ষাৰ্থী আছে। তেওলোকক আমি বৰ্ণমালাখিনি,কবিতা আবৃত্তি কৰিবলৈ, ছবি আকিবলৈ শিকাইছো। এই ক্ষেত্ৰত কৰ্মসূত্ৰে স্থায়ী অসমীয়া কেইগৰাকীমানে আগভাগ লৈছে। শেহতীয়াকৈ ছাত্ৰ ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছো। ভৱিষ্যতে অৰুণাচল প্ৰদেশ, নগালেণ্ডত এনেধৰণৰ কৰ্মশালা কৰাৰ পৰিকল্পনা আছে। ভাষাৰ সংকটৰ সময়ত প্ৰবাসী অসমীয়াই গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ বাবে সচেতন মহলে শলাগ লৈছে।

Comments (0)
Add Comment