ভাষা আন্দোলনৰ প্ৰথম শ্বহীদলৈ ঢকুৱাখনা আছুৰ শ্ৰদ্ধাঞ্জলি

অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ অসমীয়া ভাষা ৰক্ষাৰ  আন্দোলনৰ  হকে নিজৰ জীৱন পূৰ্ণাহুতি দিয়া বীৰ শ্বহীদ  ৰঞ্জিত বৰপূজাৰীৰ  পবিত্ৰ মৃত্যু তিথি দেওবাৰে ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাই  আয়োজন কৰে শ্রদ্ধাঞ্জলি অনুষ্ঠান।  ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ পবিত্ৰ শ্বহীদ বেদিত ছাত্ৰ সন্থাৰ সমূহ কৰ্মকর্তা আৰু নেতৃবৰ্গই ধূপ ,বন্তি জ্বলাই, প্ৰতিচ্ছবিত পুষ্পঞ্জলি প্ৰদান কৰি সমূহীয়া প্রার্থনাৰে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ বৰপূজাৰীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ শান্তি কামনা কৰে।  ১৯৬০ চনৰ ৪ জুলাইত কটন মহাবিদ্যালয়ৰ ২নং আৱাসৰ ১১৩ নং নিজা কোঠাৰ সন্মুখতে গুলীয়াই হত্যা কৰা বৰপূজাৰীৰ স্মৃতিচাৰণ কৰে মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈ ,  আঞ্চলিক নেতা মৃগাংক দত্ত , অশোক দাস ,লক্ষ্যজ্যোতি দাস,জিতুল খনিকৰ,কৌশিক কুমাৰ দাস,ৰাজ বৰা,তথ্য সম্পাদক ৰিদিপ চেতিয়া  আদিয়ে । মহকুমাটোৰ ৬খন আঞ্চলিক সমিতিয়েও নিজ নিজ এলেকাত সন্ধ্যা শ্বহীদ গৰাকীৰ চৰম অৱদানক সশ্ৰদ্ধ স্মৰণ কৰি শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি মৃত্যু দিৱসটো পালন কৰে।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Comments (0)
Add Comment