ভাষা আন্দোলনৰ শ্বহীদক স্মৃতিচাৰণ কৰিলে ৰংপুৰ সাহিত্য সভাই

অসমৰ ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ আজি মৃত্যু তিথি।১৯৬০ চনৰ আজিৰ দিনটোতে সেই সময়ৰ আৰক্ষী অধীক্ষক পি বি পাববীৰ নিৰ্বিচাৰ গুলিত ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু হৈছিল।এই শ্বহীদ গৰাকীক সুঁৱৰি শিৱসাগৰ আমোলাপট্ৰিস্থিত বাসগৃহত ৰংপুৰ সাহিত্য সভাৰ উদ্যোগত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত শ্বহীদ গৰাকী কৰ্মজীৱনৰ সম্পৰ্কে স্মৃতিচাৰণ কৰে।শ্বহীদ গৰাকী স্মৃতিত কটনৰ ছাত্ৰআবাসৰ লগতে এটি মূৰ্তিও আছে।কিন্তু আজি ৰঞ্জিত বৰপূজাৰী বিষয়ে একাংশ প্ৰজন্মই নাজানে।শ্বহীদ গৰাকী যিদৰে পূজনীয় হ’ব লাগিছিল আজি তাৰ পৰা যেন বঞ্চিত ।স্মৃতিচাৰণ সভাত ৰংপুৰ সাহিত্য সভাই এটি আৱক্ষ মূৰ্ত্তি প্ৰতিষ্ঠা কৰাৰ কথা জানিবলৈ দিয়ে।ক’ভিড কেন্দ্ৰিক পৰিস্থিতি পৰিপ্ৰেক্ষিতত এই স্মৃতিচাৰণ অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয়।

Comments (0)
Add Comment