ভাড়াঘৰৰ নতুন আইনত কি কি নিৰ্দেশনা আছে

অতি শীঘ্ৰেই ভাড়াঘৰৰ মালিক আৰু ভাড়াতীয়াৰ বাবে নতুন আইন বলবৎ কৰা হ’ব। আইনখনৰ অনুসৰি চুক্তিপত্ৰত থকা তাৰিখ অন্ত নপৰিলে উলিয়াই দিব নোৱাৰিব ভাড়াতীয়াক ভাড়াঘৰৰ মালিকে।
ভাড়াতীয়াৰ ঘৰলৈ খবৰ নিদিয়াকৈ অথবা হঠাৎ আহিব নোৱাৰিব।ভাড়াতীয়া ঘৰলৈ আহিব লাগিলে ২৪ ঘণ্টা পূৰ্বে লিখিত ভাষাত জনাব লাগিব।ভাড়াঘৰ লোৱা লোকৰ পৰা অগ্ৰিম ধন দুমাহতকৈ বেছি ল’ব নোৱাৰিব।
চুক্তিপত্ৰত থকা সময় শেষ হোৱা পিছত ভাড়াতীয়াই ঘৰ খালী নকৰিলে দুগুণ ভাড়া দাবী কৰিব পাৰিব মালিকে।আনহাতে দুমাহ পাৰ হোৱা পিছত চাৰিগুন ভাড়া দাবী কৰিব পাৰিব।ভাড়া ঘৰৰ মালিকে ভাড়া বৃদ্ধি কৰিবলৈ হ’লে ভাড়াতীয়াক সুধি ল’ব লাগিব।
এই আইন তৈয়াৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে।উল্লেখযোগ্য যে এই আইন ৰাজ্য চৰকাৰ সমূহৰ অনুমতি সাপেক্ষেহে বলবৎ কৰা হ’ব।পুৰণা চুক্তিত চলি থকা ভাড়া ঘৰৰ মালিক অথবা ভাড়াতীয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই আইন।

Comments (0)
Add Comment