ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদকৰ পদত অচ্যুত প্ৰসাদ গগৈ

সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ সম্পাদক পদত নিৰ্বাচিত হৈছে যোৰহাটৰ চেলেংহাটৰ ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈ। উল্লেখ্য যে অলপতে পশ্চিমবংগ শিলিগুৰিত অনুষ্ঠিত সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ এখন সভাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অচ্যুত প্ৰসাদ গগৈক সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ সম্পাদক পদত নিৰ্বাচিত কৰা হয়। উল্লেখ্য অচ্যুত প্ৰসাদ গগৈ অসমৰ এগৰাকী প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক। আনহাতে মৰিয়নী সমষ্টিৰ চেলেংহাটৰ নিজা বাসগৃহত অচ্যুত প্ৰসাদ গগৈয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে জৈৱিক চাহ উৎপাদন কৰি বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অচ্যুত প্ৰসাদ গগৈয়ে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ  সম্পাদক পদত অধিস্থিত হোৱাত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে চেলেংহাটবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে.. 

Comments (0)
Add Comment