ভাৰতে অৰুণাচলত বান্ধ নিৰ্মাণ কৰিব,নৱবৰ্ষৰ পৰা কাম আৰম্ভ হোৱা পূৰ্ণ সম্ভাৱনা

চীনে ব্ৰহ্মপুত্ৰ ওপৰত বান্ধ নিৰ্মাণ কৰিছে।এই বান্ধে ক্ষতিগ্ৰস্ত কৰিব অসম, উত্তৰ পূৰ্বাঞ্চলৰ লগতে বাংলাদেশকো।ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে।এক সূত্ৰই সদৰী কৰা অনুসৰি ২০২৫ চনৰ ভিতৰত এই বান্ধ সম্পূৰ্ণ হৈ উঠিব।
চীনৰ এই স্থিতিক প্ৰতিহত কৰিবলৈ ভাৰত চৰকাৰে বিশেষ চিন্তা চৰ্চা কৰিছে।ইতিমধ্যে ভাৰত চৰকাৰে অৰুণাচলত এটা বান্ধ নির্মাণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।

জানিব পৰা মতে ভাৰতে অৰুণাচলত এটা ১০ গিগাৱাটৰ এটা বান্ধ নিৰ্মাণ কৰিব।এই সম্পৰ্কে ভাৰতৰ জল শক্তি মন্ত্ৰালয়ৰ টি এছ মেহৰাই কয় যে এই বান্ধৰ জৰিয়তে ভাৰতে প্ৰচুৰ পৰিমাণৰ পানী জমা কৰিব পাৰিব।ইয়াৰ উপৰিও চীনৰ বান্ধৰ পৰা ক্ষতিগ্ৰস্ত হোৱা সম্ভাৱনা থকা উত্তৰ পূৰ্বাঞ্চল আৰু বাংলাদেশ কিছু পৰিমাণে হ’লেও বাছি থাকিব।
উল্লেখযোগ্য যে নদী ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰিয়েই বহু লোকে জীৱন জীৱিকা চলাই আছে।বিশেষকৈ অসম ব্ৰহ্মপুত্ৰৰেই আধাৰ বুলি ক’ব পাৰি।

Comments (0)
Add Comment