ভাৰত চীন সীমান্তত উত্তেজনা মাৰ যোৱা নাই

কথাবোৰ এতিয়া আৰু সৰু হৈ থকা নাই। চীন ভাৰতৰ মাজত হোৱা বৈঠকৰ আলোচনাক উলংঘা কৰি চীনা সৈন্যই সীমান্তত ক্ৰিয়া কাৰ্য অব্যাহত ৰাখিছে। বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে গালৱান কাণ্ডৰ উত্তৰ দিবলৈ প্ৰস্তুতি চলাইছে। এই কথা চীনৰ সামৰিক বাহিনীৰ মুখপত্ৰ চাইনা নেশ্যনেল ডিফেন্সত প্ৰকাশ পাইছে। বাতৰিত প্ৰকাশিত তথ্য অনুসৰি সমৰকলা আৰু পৰ্বত আৰোহণত পাৰ্গত সকলক যুঁজৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে।
 
 
আনহাতে একাংশই দাবী কৰা মতে চীনা সৈন্যই ভাৰতৰ ১৮কিলোমিটাৰ ভূমি আগ্ৰাসন কৰিছে। যাৰ প্ৰত্যুত্তৰ দিবলৈ সীমান্তত ভাৰতীয় সেনা সষ্টম হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ ভাৰতত নিষিদ্ধ কৰা হৈছে ৫৯টা চীনৰ এপ। ভাৰত চৰকাৰে জাৰি কৰা এক নিৰ্দেশনাত এই কথা প্ৰকাশ পাইছে। এই এপ সমূহৰ তালিকাৰ শীৰ্ষত আছে টিকটক এপ।
 
 
চীন ভাৰতৰ সংঘাতৰ বিভীষিকাৰ মাজতে ভাৰতীয় জনগণে চীনা সামগ্ৰী বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সীমান্তত চীন ভাৰতৰ যুদ্ধ হ’লে আমেৰিকাই সহযোগ কৰিব বুলি মুকলিকৈ চৰ্চা চলিছে যদিও ৰাছিয়াৰ স্থিতি এতিয়ালৈ স্পষ্ট হোৱা নাই।

Comments (0)
Add Comment