ভাৰত চীন সীমান্ত অৰুণাচলত চীনা সৈন্যই কি কৰিছে

অৰুণাচল সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন হৈ আছে। একপ্ৰকাৰ চাবলৈ গ’লে লাডাখতকৈ অৰুণাচল প্ৰান্তত চীনা সৈন্যৰ আগ্ৰাসন সৰ্বাধিক। পথ আৰু দলং নিৰ্মাণকে আদি কৰি বিভিন্ন কাম কাজ চীনা সৈন্যই কৰিছে। সীমান্তৰ চুবুৰীয়া গাঁৱত ভাৰতীয় সেনাই তৎপৰতা বৃদ্ধি কৰিছে বুলি জানিব পৰা গৈছে। বিশেষকৈ আমজাও জিলাত ভাৰতীয় সেনাই তহল দিয়া আৰম্ভ কৰিছে। যি দৃশ্য সীমান্তবাসীয়ে পূৰ্বে কেতিয়াও দেখা নাছিল।
 
 
 
এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি মেচুকা, টাৱাং আদিত বাংকাৰ আৰু গোলা বাৰুদ মজুত ৰখা  পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ভাৰতীয় সেনাই ট্ৰেকিং কৰিহে সীমান্তৰ বিভিন্ন ঠাইলৈ যায়। ৰাস্তা ঘাট সূচল নোহোৱাৰ বাবে তেওঁলোকে বহুত কঠিনতা অতিক্ৰম কৰিব লগা হয়। ইতিমধ্যে ভাৰতীয় সেনাই তেনেকৈয়ে ১০০টাতকৈ অধিক শিবিৰ অৰুণাচলৰ সীমান্তত নিৰ্মাণ কৰিছে।
 
 
আনহাতে চীনা সীমান্তৰ পৰা মেচুকাৰ দুৰত্ব হ’ল প্ৰায় ২৯কিলোমিটাৰ। মেচুকা পৰ্যটকৰ বাবে এক আকৰ্ষণীয় ঠাই। সেউজীয়া হাবি, ওখ ওখ পৰ্বত, বৰফ আদিয়ে মেচুকাক অন্যতম মাত্ৰা প্ৰদান কৰিছে। যাৰ বাবে মেচুকা ফেষ্টিভেল অনুষ্ঠিত হয়।
 
 
 
এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি সীমান্তত তিনিটা পোৰ্টাৰ কোম্পানীৰ ব্যৱস্থা কৰা হৈছে। যি কোম্পানীয়ে সেনাবাহিনীৰ বিভিন্ন সা সামগ্ৰী কঢ়িওৱা কামত নিয়োজিত হ’ব। উল্লেখযোগ্য যে বিজয় নগৰৰ পৰা টাৱাং, সীমান্ত সামৰি এক হাইৱেৰ হোৱাৰ কথা আছিল যদিও সেয়া বৰ্তমানলৈকে হোৱা নাই। আনহাতে সীমান্তৰ বিভিন্ন দুৰ্গম অঞ্চলত ৰাস্তা ঘাটৰ উপৰিও মোবাইল নেটৱৰ্ক সেৱা নোহোৱাৰ পৰিপ্ৰেক্ষিতত বহুক্ষেত্ৰত সীমান্তবাসীয়ে বহুখিনি দুৰ্ভোগ ভোগ কৰি আহিছে।
 
 
 
ইফালে একতা আৰু ভ্ৰাতৃত্ববোধৰ মূলমন্ত্ৰ লৈ চীন আৰু ভাৰতৰ সীমান্তত বছৰেকত তিনিবাৰকৈ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত শ্বহীদক সোঁৱৰি শিল দিয়া এক প্ৰথা অনুষ্ঠিত হৈ আহিছে।

Comments (0)
Add Comment