মইৰাংগক মেঘালয়ৰ নতুন জিলা হিচাপে ঘোষণা

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইয়ে কালি ৰাজ্যৰ এখন নতুন জিলা ঘোষণা কৰিছে। পৌৰাণিক যুগৰ দানৱ বংশৰ ৰজা মহিৰংগ দানৱৰ নামেৰে থকা মইৰাংগক ৰাজ্যখনৰ দ্বাদশ জিলা হিচাপে ঘোষণা কৰিছে ।জানিব পৰা মতে ১৫ আগষ্টৰ আগতে কাৰ্যকৰী কৰা হ’ব।সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, মইৰাংগ মেঘালয়ৰ নতুন জিলা হ’ব । ক’ভিড-১৯ৰ বাবে পৰিস্থিতি অলপ লেহেমীয়া হৈছে যদিও মইৰাঙৰ লোকসকলক ইয়াৰ বিষয়ে জনোৱাটো আমাৰ কৰ্তব্য। আমি স্বাধীনতা দিৱসৰ পূৰ্বে মেঘালয়ৰ এইখন জিলাক কাৰ্যকৰী কৰি তুলিম।তেওঁ লগতে কয় ভৌগোলিক মেপিং সম্পৰ্কীয় বিষয়বোৰৰ বাবে এই সন্দৰ্ভত এতিয়াও এক মতত উপনীত হোৱা নাই। এই সকলোবোৰ বিষয়ে আলোচনা কৰা হৈছে আৰু চৰকাৰে ইয়াক লৈ কেনেদৰে আগবাঢ়িব তাৰ ওপৰত পৰ্যবেক্ষণ কৰিব।

Comments (0)
Add Comment