মহিলা সৱলীকৰণৰ বাবে মেঘালয় চৰকাৰৰ পদক্ষেপ

নাৰী সৱলীকৰণ আৰু উন্নয়নৰ লক্ষ্য আগত ৰাখি মেঘালয় চৰকাৰে গ্ৰাম্য পৰ্যায়ৰ সামাজিক অনুষ্ঠানসমূহত ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰিবলৈ এক নতুন আঁচনি হাতত লৈছে।উল্লেখযোগ্য যে সামাজিক কৰ্মৰাজিৰ লগত জড়িত বয়োজ্যেষ্ঠ মহিলাসকলক এই আঁচনিৰ বাবেই অন্তৰ্ভুক্ত কৰাৰ লগতে সমাজৰ যিবোৰ ঠাইত গ্ৰাম্য নিয়োগ পৰিষদৰ সভাপতি বা গাঁওপ্ৰধানজনৰ পদ খালী হৈ আছে এই আঁচনিখনৰ জৰিয়তেই তেনে পদসমূহ মহিলাৰ বাবেই সংৰক্ষণ কৰা হ’ব।
 
 
মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাইৰ নেতৃত্বধীন চৰকাৰখনে ৰূপায়ন কৰি ওলোৱা এই আঁচনিখনত সকলো পদসমূহ ঘুৰ্ণন ভিত্তিক অপৰ্ণ কৰাৰ লগতে পদসমূহও একেই ভিত্তিতে সলনি কৰা হ’ব।
আঁচনিখন সম্পৰ্কত মেঘালয়ৰ মুখ্যমন্ত্ৰীজনে নিজৰ বক্তব্য প্ৰদান কৰি কয় যে নাৰী নেতৃত্বৰ জৰিয়তে সমাজৰ বিকাশ সাধন কৰাৰ লগতে পুৰুষৰ সমান্তৰাল ভাৱে আজিৰ সমাজত নাৰীক এই আঁচনিখনৰ জৰিয়তে আগুৱাই নিয়াই হৈছে মেঘালয়ৰ চৰকাৰৰ প্ৰধান উদ্দেশ্য।
 
 
 

Comments (0)
Add Comment