মাজুলীৰ বিভিন্ন প্ৰান্তত অতি দৰিদ্ৰ-পৰিয়ালৰ সন্তানে লাভ কৰিছে বন বিভাগ আৰু আবকাৰী বিভাগত চাকৰি-সন্তানৰ সফলতাই হাঁহি বিৰিঙিছে পিতৃ-মাতৃৰ মুখত

সোমবাৰে ঘোষণা কৰা বন বিভাগ আৰু আবকাৰী বিভাগৰ বিভিন্ন পদত চাকৰি প্ৰত্যাশিত প্ৰাৰ্থীৰ নিযুক্তি ফলাফলত উজনি মাজুলী লুইত পৰীয়া আৰু অন্তৰ্গত কুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নিযুক্তি লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙিছে৷ তাৰে তিনিগৰাকী বন বিভাগৰ (SI) উপ পৰিদৰ্শকৰ পদ লাভ কৰিছে৷ আনহাতে কেইবাগৰাকীও কনিষ্ঠবল, চতুৰ্থ বৰ্গৰ দৰে পদত নিযুক্তি লাভ কৰিছে৷ উল্লেখ যোগ্য যে অতিকৈ পিছপৰা, দুখীয়া পৰিয়ালৰ সন্তানে বিভিন্ন পদত নিযুক্তি লাভ কৰা খবৰ পাই TMPK আৰু MMKৰ লুইতপৰীয়া আঞ্চলিক সমিতিৰ কেইবা গৰাকীও লোকে নিযুক্তি লাভ কৰা প্ৰত্যেকৰে ঘৰত গৈ পৰীক্ষাৰ্থী তথা পিতৃ-মাতৃক এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে আগন্তুক দিনত অঞ্চলৰ নৱপ্ৰজন্মৰ আদৰ্শ হৈ থাকিবলৈ শুভকামনা জনায়৷ উক্ত কাৰ্যসূচীত লুইতপৰীয়া আঞ্চলিক MMKৰ সভাপতি মীনাধৰ পাংগীং, সম্পাদক হিতেশ্বৰ পায়েং, ৱাৰ্ড সদস্য অমৰ পাংগীং, TMPKৰ সভাপতি ৰাহুল গাম, সম্পাদক সঞ্জীৱ পাংগিং,প্ৰহ্লাদ পাংগিং, ধনীৰাম গাম আদি অংশগ্ৰহণ কৰে৷

বাতৰি যুগুতালে মাজুলীৰ পৰা প্ৰাঞ্জল গাৰে৷

Comments (0)
Add Comment