মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে মাতৃ পুত্ৰই

লক ডাউনৰ সময়ত সমগ্ৰ দেশতে দৰিদ্ৰ আৰ্তনাদক বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে খাদ্য সামগ্ৰী বিতৰণ কৰি সহায় কৰা পৰিলক্ষিত হৈছে।আজি টীয়কৰ কলীয়াপানী আৰ্দশ গাঁও অঞ্চলত প্ৰতাপ শইকীয়া আৰু অবিনাশ শইকীয়াই চাউল,দাইল,আলু,তেল আদি খাদ্য সামগ্ৰী অঞ্চলটোৰ দিন হাজিৰা কৰি পেটে ভাতে খাই থকা কেইবাটাও পৰিয়ালৰ ঘৰে ঘৰে গৈ বিতৰণ কৰে।
 
 
 
এই দিন হাজিৰা কৰা ব্যক্তিসকলৰ লক ডাউনৰ ফলত খাদ্য সামগ্ৰীৰ যাতে অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চাৰিশ ঘৰ মানুহক সাধ্য অনুসৰি এমুঠি অন্নৰ টোপোলা ঘৰে ঘৰে গৈ বিতৰণ কৰিছে ।লগতে লক ডাউনৰ অনাগত দিনকেইটাতো এইদৰে প্ৰতিজনে প্ৰতিজনক সহায় হাত আগবঢ়াবলৈ আহ্বান জনায়।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই ।

Comments (0)
Add Comment