মাৰাথান অনুষ্ঠিত

গিৰিজানন্দ গ্ৰুপ অৱ ইনষ্টিটিউটৰ বাৰ্ষিক অনুষ্ঠান “ইউফিউজ্ম” উপলক্ষ্যে ২০ জানুৱাৰী ২০১৮ তাৰিখে আজাৰা চৌহদৰ পৰা এয়াৰপ’ৰ্ট, বৰঝাৰলৈ এক অৰ্ধ মাৰাথান অনুষ্ঠিত হয়। এই মাৰাথানটো হ’ল এখন সুন্দৰ পৃথিৱী গঢ়া। ইয়াৰ লক্ষ্য হ’ল যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰি এখন সুস্থ সবল সমাজ গঢ়া। মাৰাথানৰ শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি ৰাতুল দাস আৰু প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুঁজাৰু তথা গুজৰাট ওৱেৰিয়ৰৰ অধিনায়ক ভৱজিৎ চৌধুৰীয়ে। সমগ্ৰ উত্তৰ পূবৰ চাৰিশতকৈও অধিক ভিন্ন বয়সৰ আগ্ৰহী খেলুৱৈয়ে এই মাৰাথনত অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment