মিৰ্জাৰ বৰকুছিত থলুৱা খাদ্য সম্ভাৰ খৰিকা ধাবা শুভ উদ্বোধন কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মিৰ্জা বৰকুছিৰ হোটেল ৰৱেল পেলেচস্থিত অসমীয়া থলুৱা খাদ্য সম্ভাৰৰে জুতি লব পৰা “খৰিকা ধাবা”ৰ আজি আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই । উদ্বোধন কৰি বিধায়ক ঠাকুৰীয়াই অসমীয়া থলুৱা খাদ্যৰ সম্ভাৰৰ খৰিকা ধাবাত অতি কম মুল্যত খাদ্যৰ সোৱাদ লোৱাৰ লগতে ছয়ানী বৰদুৱাৰ জিলা পৰিষদৰ সদস্যা সমীৰাণী ভট্টাচাৰ্যৰ পুত্ৰ তথা স্বত্বাধিকাৰী জ্যোতিৰ্ময় চাণ্ডিল্যৰ উজ্বল ভৱিষ্যত কামনা কৰে । অনুষ্ঠানত পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিৱেন্দ্ৰ ব্ৰহ্ম, দক্ষিণ কামৰূপ জিলা বিজেপিৰ উপ-সভাপতি জয়ন্ত গোস্বামী, মালিয়াটা গাঁও পঞ্চায়তৰ সভাপতি বিকাশ বড়ো, পৰাণ শৰ্মাৰ লগতে বহুকেইজন লোক উপস্থিত থাকে।

Comments (0)
Add Comment