মেঘালয়লৈ যোৱা সকলো প্ৰবেশ পথ বন্ধ ঘোষণা কৰিছে

সমগ্ৰ ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো দৈনিক ক’ভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে। এই সংক্ৰমণ ৰোধ কৰিবলৈকে অহা ২৩জুলাইৰ পৰা ৩১জুলাইলৈ মেঘালয়ৰ সকলো প্ৰৱেশ পথ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে মেঘালয়ৰ ইষ্ট খাচি হিলছ আৰু ৰিভয় জিলাত কোনোধৰণৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে।
 
 
 
 
 
যোৱা বুধবাৰে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনছঙে সাংবাদিকৰ আগত সমগ্ৰ বিষয়টো সদৰী কৰে। সাম্প্ৰতিক সময়ৰ বাবে মেঘালয়ৰ বৰ্ণিহাট, ৰাটাচেৰা, বাজেংডবা, টিক্ৰিকিলা, মিৰজুংগা আৰু হালিদিকাণ্ডালৈ যোৱা সকলোধৰণৰ প্ৰৱেশ পথ বন্ধৰ ঘোষণা কৰিছে চৰকাৰে। ৰাজ্যৰ বাহিৰত থকা লোক সকলক প্ৰৱেশ পথ বন্ধৰ পূৰ্বেই মেঘালয়লৈ আহিবলৈ অনুৰোধ জনায় মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী গৰাকীয়ে।

Comments (0)
Add Comment