মেট্ৰিক পৰীক্ষাৰ নতুন নিদেৰ্শনা

২০১৯বৰ্ষৰ মেট্ৰিক পৰীক্ষাত সংযোজিত হৈছে কেবাটাও নতুন নিয়ম ।শনিবাৰে ছেবাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে।অৱশ্যে কেতিয়াৰ পৰা পৰীক্ষা অনুষ্ঠিত হ’ব সেই বিষয়ে কোনো কাৰ্য্যসূচী প্ৰকাশ কৰা নাই।সৰ্বমুঠ ৮৫৭ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব ।প্ৰতিটো পৰীক্ষাকেন্দ্ৰত চি চি টি ভি সংস্থাপন বাধ্যতামূলক বুলি ঘোষণা কৰিছে।উত্তৰ বহীত সংযোজন কৰা নতুন নিয়ম সমূহৰ ভিতৰত ক’লা চিয়াঁহীৰ ব্যৱহাৰ, গণিত আৰু উচ্চ গণিতৰ বহীত ৰোলিঙৰ ব্যৱস্থা নথকা অন্যতম ।উল্লেখযোগ্য যে আজিৰ আলোচনা চক্ৰখনত বিদ্যালয়ৰ পৰিদৰ্শক, অধ্যক্ষ,সচিবৰ লগতে পৰীক্ষা নিয়ন্ত্ৰক উপস্থিত থাকে।

Comments (0)
Add Comment