মেড ইন চাইনাৰ সামগ্ৰী বন্ধ কৰক-ই হ’ব দেশৰ এক অৰ্থনৈতিক যুঁজ

মই চীনৰ এপ ডিলিট কৰিলো। আপুনি কৰিলেনে? এই মন্তব্যই হুৱাটছ আপ গ্ৰুপত ইতিমধ্যে মেছেজৰ আদান প্ৰদান আৰম্ভ হৈছে। ক’ৰণা ভাইৰাছৰ বাবে সকলো দেশে চীনকে জগৰীয়া কৰিছে। ইতিমধ্যে ব্ৰিটিছ সংসদেও চীনৰ বিৰূদ্ধে মোকৰ্দমা আৰম্ভ কৰিছে।আনহাতে বিশ্বৰ ভিতৰত ভাৰতেই প্ৰথমে চীনত উৎপাদিত সামগ্ৰীৰ বৰ্জনৰ  বাবে আহ্বান জনাই  এক অভিযান আৰম্ভ কৰিছে।
 
 
 
 
 
ক’ৰণা ভাইৰাছক চীনে জৈৱিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। তাৰ সমান্তৰালভাৱে চীনে বিভিন্ন দেশৰ লগত সংঘৰ্ষত মিলিত হৈছে। ইফালে চীন  আৰ্থিক আৰু বাণিজ্যিকভাৱে জুৰুলা হৈ পৰিছে।
 
 
 
দেশবাসীক চীনত উৎপাদিত সামগ্ৰী বৰ্জন কৰিবলৈ শিক্ষাবিদ, উদ্ভাৱক সুনম ৱাংচুয়ে অলপতে  ভিডিঅ’ জৰিয়তে মুকলিকৈ আহ্বান জনাইছে। তেখেতে কয় যে ৱালেট পাৱাৰে ভাৰতীয়ই নিজৰ শক্তি প্ৰদৰ্শন কৰক। লাডাখৰ এই বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মতে কাপোৰ, খেলাৰ সামগ্ৰী, ঘৰ সজোৱা সামগ্ৰী, ম’বাইল আৰু বিভিন্ন চফৱেৰৰ জৰিয়তে চীনে ভাৰতৰ পৰা মোটা অংকৰ অৰ্থ লাভ কৰিবলৈ সক্ষম হয়। যিবোৰ অৰ্থ চীনা সৈনিক সকলৰ বিভিন্ন কামত ব্যৱহাৰ হয়।
 
 
উল্লেখযোগ্য যে  চীনা এপ টিকটকত প্ৰায় দুহেজাৰ মিলিয়ন চাৱস্ক্ৰাইবাৰ আছে। ইয়াৰে অধিকাংশই ভাৰতীয়। যি এপৰ জৰিয়তে বহু যুৱপ্ৰজন্মই অবাবত সময় নষ্ট কৰা পৰিলক্ষিত হয়। ৱাংচুয়ে জনোৱা আহ্বানৰ পিছত হাজাৰ হাজাৰ নেটিজিয়ান আৰু  অনুগামীয়ে চীনা সামগ্ৰী বৰ্জনৰ অভিযান আৰম্ভ কৰিছে। ইফালে বলীউদৰ তাৰকা আশ্বাদ আৱাস্তি, মিলিন্দ সুমন আৰু ৰণবীৰ শ্বোৰেই চীনা সামগ্ৰীৰ বৰ্জনৰ অংশীদাৰ হৈছে।
 
 
 
অসমতো পি পি এফ এ চীনা সামগ্ৰীৰ বৰ্জনৰ আহ্বান জনাই সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ব্ৰিটিছৰ শাসন কালত মহাত্মা গান্ধীৰ নেতৃত্বত বিদেশী সামগ্ৰীৰ বৰ্জন আৰু স্বদেশী সামগ্ৰীৰ প্ৰচলনৰ বাবে আন্দোলন আৰম্ভ হৈছিল। যি আন্দোলনে  অৰ্থনৈতিক ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছিল। এই অভিযান সঁচা অৰ্থত ৰুপায়িত হ’লেহে ভাৰতত  স্বদেশী সামগ্ৰী প্ৰচলন বৃদ্ধি হ’ব,দেশৰ অৰ্থনীতি টনকিয়াল হ’ব ।

Comments (0)
Add Comment