যমুনাপৰীয়া শাখা সাহিত্য সভাই জনালে কৃতিমানক সম্বৰ্ধনা

হোজাই জিলা সাহিত্য সভাৰ অন্তর্গত যমুনাপৰীয়া শাখা সাহিত্য সভাৰ স্বৰ্ণ শাখাই ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কীৰ্তিমান শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়। সমগ্ৰ দেশজুৰি ক’ভিড১৯ ভাইৰাছে পেলোৱা প্ৰভাৱৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয়। ডিষ্টিংচন প্ৰাপ্ত প্ৰায় ২০গৰাকী শিক্ষাৰ্থীক একোখন গামোচা আৰু গ্ৰন্থৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে।
বাতৰি যুগুতালে মোৰাঝাৰৰ পৰা ছাদিকুজ জামানে।

Comments (0)
Add Comment