লাহিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিন্তন বৈঠক সম্পন্ন

সমগ্ৰ দেশতে ক’ৰণা ভাইৰাছে অতিমাৰীৰ ৰূপ ধাৰণ কৰাৰ বাবেই যোৱা মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছে দেশৰ শিক্ষানুষ্ঠান সমূহ৷ছেপ্টেম্বৰ মাহৰ শিক্ষানুষ্ঠান সমূহ খোলাৰ কথা আছিল যদিও এতিয়াও নিশ্চিত হোৱা নাই৷
 
 
 
শিক্ষানুষ্ঠান সমূহ খুলিলেও দীৰ্ঘদিনৰ বিৰতিৰ মূৰত ছাত্র ছাত্ৰীসকল শিক্ষানুষ্ঠানলৈ যাব৷এই দীঘলীয়া বন্ধই নিশ্চিতভাৱে তেওঁলোকক মানসিকভাৱে কিছু প্ৰভাৱান্বিত কৰিব।তদুপৰি নতুন শিক্ষানীতি আৰু ইয়াৰ কাৰ্যকাৰীকৰণ হ’লেও ছাত্র ছাত্ৰীসকল কেনেদৰে প্ৰভাৱান্বিত হ’ব আৰু লাহিং অঞ্চলটিয়ে ভৱিষ্যত দিনৰ শিক্ষাৰ ক্ষেত্ৰখনত পৰিৱৰ্তিত সময় আৰু নীতিৰ লগত খাপ খাই চলিব পৰাকৈ বাবে নিজকে কেনেদৰে সাজু কৰিব এই দিশসমূহতো কিছু আলোকপাত কৰি আজি লাহিং আঞ্চলিক ছাত্ৰ সন্থাই এক চিন্তন বৈঠক অনুষ্ঠিত কৰে৷
 
 
বৈঠকত লাহিঙৰ বহু কেইজন শিক্ষাবিদ,সমাজ সচেতন ব্যক্তি, অভিভাৱক, অসম সেনাৰ নেতা, প্ৰয়াস গোটৰ সদস্যৰ লগতে লাহিং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷লাহিং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পলাশ বৰুৱাই সভাপতিত্ব কৰা বৈঠকত সভাৰ উদ্দেশ্য বাখ্যা কৰে আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক মিন্টু গগৈয়ে।
 
 
লাহিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, সমাজকৰ্মী কুঞ্জন শইকীয়া, ৰেণু প্ৰভা বৰা , লাহিং আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক খগেন চুতীয়া, অভিভাৱক সকলৰ হৈ গীতাশ্ৰী বৰুৱা,অসম সেনাৰ যোৰহাট জিলাৰ মুখ্য সংগঠক মানিক চুতীয়া, প্ৰাক্তন ছাত্রনেতা আনন্দ চুতীয়া, শিক্ষক অজিত চুতীয়া,মন্টু শৰ্মাই বহুমূলীয়া মন্তব্য আগবঢ়ায়৷
 
 
বৈঠকত ছাত্র ছাত্ৰীসকল অনুপ্ৰাণিত হ’ব পৰাকৈ তথা তেওঁলোকক পৰৱৰ্তী শৈক্ষিক অনুশীলনৰ বাবে প্ৰস্তুত হোৱাত সহায়ক হোৱাকৈ এক শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে লাহিং অঞ্চলৰ সামাজিক দিশৰ কিছু পৰিৱৰ্তনৰ বাবে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে লাহিং আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা, ছাত্রনেতা সৰ্বানন্দ বৰাই৷
খবৰ যুগুতালে গোপাল কৃষ্ণ বাঢৈয়ে

Comments (0)
Add Comment