শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই সম্বৰ্ধনা জনালে পি শিৱ কুমাৰক

ভাৰতৰত্ন সুধাকণ্ঠ  ভূপেন হাজৰিকাৰ নৱম মৃত্যু দিৱসৰ লগত সংগতি ৰাখি হোজাইত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমন্বয় দিৱসত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰক বিশেষ ভাৱে সম্বৰ্ধনা জনায়।
 
 
সমন্বয় দিৱসৰ বিশেষ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰক প্ৰশস্তি পত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।উল্লেখযোগ্য যে অভিলেখ সংখ্যক বৃক্ষ ৰোপণ কৰি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
 
বন বিষয়া গৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত হাতত লোৱা বৃক্ষ ৰোপণ আঁচনিৰ সফল ৰূপায়ণৰ বাবেই ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষ মিত্ৰ আৰু কৰ্মশ্রী সন্মান ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ পৰা লাভ কৰিছিল।

Comments (0)
Add Comment