শিশুগৃহৰ সাহাৰ্য্য বাবে আগবাঢ়ি আহিল তিনিটাকৈ সংগঠন

মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে। সুধাকন্ঠৰ এই গীতৰ মৰ্ম উপলদ্ধি কৰিয়েই কালি জালুকবাৰীস্থিত শিশু গৃহত উপস্থিত হ’ল তিনিটাকৈ সংগঠন। সংগঠন কেইটাৰ প্ৰচেষ্টাত শিশু সকলৰ মাজত খাদ্য সামগ্ৰী লগতে মাস্ক,ছেনিটাইজাৰ আৰু কিতাপৰ টোপোলা বিতৰণ কৰা হয়।লগতে ক’ভিডকালীন সময়ত জনসজাগতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰে। কাৰ্যসূচীত উপস্থিত থাকি এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই কয় যে সমগ্ৰ দেশতে ক’ৰনা মহামাৰী গ্ৰাসৰ ফলত দেশৰ অৰ্থনীতি অৱস্থা নিম্নগামী হৈছে।ঠিক সেইদৰে বিপৰ্য্যয় আহিছে শিশুগৃহলৈ।এই শিশু গৃহ বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল আৰু তাৰে সহযোগ বিচাৰি অহা ফোনকলৰ আঁত ধৰি আমি অনুষ্ঠান ৰূপায়ন কৰিলো।অনাগত দিনটো এনেধৰণৰ কাৰ্যসূচী অংশীদাৰ হৈ যাম।এই কাৰ্যসূচীত মৰমলেণ্ড ৱেলফেয়াৰ ছ’চাইটিৰ মৰম কুমাৰ আৰু সম্প্ৰীতি সেৱা ফাউণ্ডেশ্যনৰ দুজন প্ৰতিনিধি আৰু শিশুগৃহ সমূহ কৰ্মকর্তা উপস্থিত থাকে।

Comments (0)
Add Comment