শ্বিলং তথা পূৱ খাছী পাহাৰ জিলাত লকডাউন ঘোষণা

অসমৰ লগতে মেঘালয়তো ক’ভিডৰ ঢৌৱে কোবাই গৈছে। যাৰ পৰিপ্ৰেক্ষিতত মেঘালয়ৰ মুখ্যমন্ত্ৰী ক’নৰড চাংমাই ১০ মে’ লৈকে লকডাউন ঘোষণা কৰিছে। জানিব পৰা মতে শ্বিলংৰ লগতে পূব খাচী পাহাৰ জিলাত ৰাতি ৮ বজাৰ পৰা ৫ দিনৰ বাবে লকডাউন বলৱৎ হ’ব। আনহাতে অনুমতি প্ৰাপ্ত বিবাহ অনুষ্ঠানত ৫০ জনতকৈ অধিক অতিথি গোট খাব নোৱাৰিব। আৰু মৃতকৰ সৎকাৰৰ অনুষ্ঠানত ২০ জনতকৈ অধিক লোক যাব নোৱাৰিব। ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনত আন্তঃৰাজ্যিক আন্তঃজিলা যাতায়ত বন্ধ থাকিব। পূব খাচী পাহাৰ জিলাৰ সকলো ডাঙৰ দোকান-পোহাৰ বন্ধ থাকিব।

Comments (0)
Add Comment