সংবাদ মেলত শিৱ নাডৰ বিশ্ববিদ্যালয়ৰ বিষয়ে কি ক’লে

ভাৰতৰ অগ্ৰণীয় গৱেষণা প্ৰতিষ্ঠান নাডৰ বিশ্ববিদ্যালয়ৰস ২০১৯ বৰ্ষৰ শৈক্ষিক নাম ভৰ্তিৰ বিষয়ে  ঘোষণা কৰিছে।এই বিষয়ে শিৱ নাডৰ বিশ্ববিদ্যালয়ৰ সঞ্চালক ডক্টৰ শুভ্ৰ সেনে কয় যে এম বি এ শিক্ষাৰ্থীয়ে লণ্ডনৰ বিশ্ববিদ্যালয় অৱ ৱাৰ উইকত তিনি সপ্তাহ অধ্যয়নৰ উদ্দেশ্য ২.৫ লাখ টকা পৰ্য্যন্ত জলপানি লাভ কৰিব।সুযোগ সৃষ্টি আৰু মেনেজমেণ্ট কাৰ্য্যসূচীক শক্তিশালী কৰা এয়া এক প্ৰচেষ্টা ।শৈক্ষিক প্ৰযুক্তি আৰু আন্তঃগাঁঠনি যেনে বিত্তীয় বাণিজ্য, উদ্ভাৱনশীল লেব আদি উপলব্ধ ।ইয়াৰ উপৰিও মেধাভিত্তিত শিক্ষাৰ্থীসকলক অতিশয় উচ্চ হাৰৰ ৰাজসাহাৰ্য্য মানগত শিক্ষা লাভৰ সুযোগ প্ৰদান কৰে।জানিব পৰা মতে এই জলপানিয়ে টিউচন মাচুলৰ ৮০শতাংশ পৰ্য্যন্ত পূৰণ কৰে।সবিশেষ জানিবলৈ আবেদনকাৰীয়ে www.snu.edu.in ত লগ ইন কৰিব পাৰিব বুলি সঞ্চালক গৰাকীয়ে  আজি গেটৱেত অনুষ্ঠিত এক সংবাদ মেলত মন্তব্য কৰে।

Comments (0)
Add Comment