সংৰক্ষণ হ’ব ৰসৰাজৰ বাসগৃহ

অসম আৰু অসমীয়াৰ গৌৰৱ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বাসগৃহ সংৰক্ষণৰ বাবে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জনতা ভৱনত আয়োজন কৰা সংবাদ মেলত এই কথা সদৰী কৰিছে মন্ত্ৰী নৱ কুমাৰ দলে আৰু প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে। উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে তেখেত সকলে উৰিষ্যাৰ চম্বলপুৰত থকা ৰসৰাজৰ বাসভৱনত উপস্থিত হৈ উৰিষ্যা চৰকাৰৰ লগত এক বৈঠকত মিলিত হয়। বৈঠকত হোৱা সিদ্ধান্ত মৰ্মে অসম আৰু উৰিষ্যা চৰকাৰে ৰসৰাজৰ চম্বলপুৰত থকা বাসগৃহ সংৰক্ষণ কৰিব। আৰু দুয়োখন ৰাজ্যৰ সাহিত্য সংস্কৃতি প্ৰতিফলিত হ’ব পৰাকে বাসগৃহটো হিচাপে সজাই তুলিব।

লগতে ড° ভূপেন হাজৰিকাৰ কলিকতাত থকা বাসগৃহটো (যিটো ইতিমধ্যে বিক্ৰী হৈছিল) অসম চৰকাৰে ক্ৰয় কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অহা ডিচেম্বৰ মাহত এই সম্পৰ্কে বাজেট নিৰ্দ্ধাৰণ কৰিব। জানিব পৰা মতে ড° ভূপেন হাজৰিকাৰ কলিকতাৰ তালিগঞ্জত থকা বাসগৃহটো সুশীল কুমাৰ দাংগী নামৰ এজন ব্যক্তিয়ে ক্ৰয় কৰিছিল। অসমীয়া প্ৰাণৰো প্ৰাণৰ সাহিত্যিক, শিল্পী গৰাকীৰ বাসগৃহ সংৰক্ষণ বতৰাই প্ৰতিজন দেশপ্ৰেমীক আনন্দিত কৰি তুলিছে।

Comments (0)
Add Comment