সাংবাদিকৰ পেঞ্চন আঁচনিৰ শুভাৰম্ভ

তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল সাংবাদিকৰ পেঞ্চনৰ এক অনুষ্ঠান। সৰ্বমুঠ ২০ গৰাকী অৱসৰ প্ৰাপ্ত সাংবাদিকক আগবঢ়োৱা পেঞ্চনৰ ১৯ গৰাকী সাংবাদিকে গ্ৰহণ কৰিলে। লখিমপুৰ, যোৰহাট, বৰপেটা, গোলাঘাট, কামৰূপৰ ১৯ গৰাকী সাংবাদিকে পেঞ্চন আঁচনিৰ আওতাত অন্তৰ্ভুক্ত হ’ল।

এই অনুষ্ঠানত উপস্থিত থাকি তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই কয় যে চিকিৎসাৰ বাবদত সাংবাদিকৰ কল্যাণ পুঁজিৰ পৰা ১১৮জন সাংবাদিকক সাহাৰ্য্য প্ৰদান ইতিমধ্যে কৰিছো। কৰ্তব্যৰত অৱস্থাত সাংবাদিক জনৰ ক্ষতি হলে অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব। প্ৰায় ১ কোটি টকা অৰ্থ সাহাৰ্য্য ষ্টেট বেংকত মজুত আছে। মেডিয়া ফেলছিপ ব্যৱস্থা প্ৰণয়ন কৰা হ’ব। যাৰ জৰিয়তে ২০ জন সাংবাদিকে গৱেষণামূলক কামৰ বাবে এককালীন অৰ্থ পাব। বিজ্ঞাপননীতি এইমাহৰ ভিতৰত প্ৰস্তুত কৰা হ’ব।

আনহাতে গ্ৰাম্যাঞ্চলৰ সাংবাদিকসকলৰ বীমা আঁচনিৰ বিষয়টো আলোচনাধীন হৈ আছে। অনুষ্ঠানত মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে সাংবাদিকসকলে বিবেকক জাগ্ৰত কৰি যি ধৰণে সমাজ সেৱা আগবঢ়াই আহিছে। তাৰেই সামান্যভাৱে কৃতজ্ঞতা প্ৰদৰ্শন কৰিছো। অহা বছৰৰ পৰা প্ৰতিমাহে ৮০০০ টকাকৈ ১০ জন প্ৰবীণ সাংবাদিকক অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব। অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ সচিব মাধুৰিমা সেনৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment