সাংসদ কুইন ওজাৰ উদ্যোগত মাস্ক,ছেনিটাইজাৰ বিতৰণ

পূব কামৰূপ অঞ্চলৰ চাংসাৰি, গৌৰীপুৰ, উত্তৰ গুৱাহাটী আৰু বাইহাটা চাৰিআলি আদি বিভিন্ন অঞ্চলৰ সাংবাদিক, আৰক্ষী বিষয়া, কনিষ্টবল আৰু হোম গাৰ্ড সকলৰ মাজত আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই বিনামূলীয়া ছেনিটাইজাৰ, মাস্ক আদি বিতৰণ কৰে।
 
সাংসদ গৰাকীৰ হৈ যুৱ কৰ্মী তথা সাংসদ গৰাকীৰ কামকাজত সহায় কৰি অহা যুৱক ইন্তাজুল হকে উক্ত সামগ্ৰী সমূহ বিতৰণ কৰে। আনহাতে বাইহাটা চাৰিআলিৰ জেষ্ঠ সাংবাদিক সকলৰ মাজতো সাংসদ গৰাকীৰ নিৰ্দেশত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ।
 
 
অনুষ্ঠানত অসমীয়া প্ৰতিদিন কাকতৰ উত্তৰ কামৰূপৰ জেষ্ঠ সাংবাদিক ছৈয়দ নেকিব কাজী, পষেকীয়া কাকত নৱ প্ৰত্যয় সম্পাদক সাৰদা প্ৰসাদ শৰ্মা, আমাৰ অসম  সাংবাদিক নিপন ডেকা উপস্থিত থাকে।

Comments (0)
Add Comment