সাধাৰণ মানুহৰ অসাধাৰণ চিন্তা-খোলাকতি বেণ্ড

পৰিবেশ সচেতনতাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে একাংশ প্ৰজন্মক। যাৰ বাবে সঘনে খবৰ পাইছো বিভিন্ন ধৰণৰ পৰিবেশ সম্পৰ্কীয় ইতিবাচক খবৰৰ। আজি যাৰ বিষয়ে লিখিবলৈ ওলাইছো লৈছো,আপুনি ,আমি পেলনীয়া যেন ভবা কিছুমান সা-সামগ্ৰীয়ে মিউজিকৰ সা সৰঞ্জাম প্ৰস্তুত কৰিছে।
কথাতে কয় চেষ্টাৰ অসাধ্য একো নাই। মন কৰিলে চন হয়। অধ্যৱসায়, মনৰ দৃঢ়তাক সাৰথি কৰি সৃষ্টিশীলতাৰ জৰিয়তে জামুগুৰিহাটৰ নিষাদ ৰঞ্জন গগৈ নামৰ ল’ৰাজনে পেলনীয়া সা- সামগ্ৰীয়ে মিউজিকৰ সা সৰঞ্জাম প্ৰস্তুত কৰিছে। এই সম্পৰ্কে নিষাদে কয় ..পেলনীয়া সা-সামগ্ৰী কাঠত ব্যৱহাৰ কৰি প্ৰায় ৮ বিধ সৰঞ্জাম প্ৰস্তুত কৰিছো। সেইবোৰৰ ভিতৰত তামোলৰ ঢকুৱা, পেচাৰ কুকাৰৰ হেণ্ডেল, দৰ্জাৰ হুক অন্যতম।প্ৰধানকৈ গমাৰি কাঠ দি সৰঞ্জামখিনি বনোৱা হৈছে।তেও কয় যে পৰীক্ষণমূলকভাৱে প্ৰস্তুতি চলাই এই পৰ্য্যায়ত পালো।উল্লেখযোগ্য যে নিষাদে বনোৱা প্ৰতিটো সৰঞ্জামে নামী দামী বৈদ্যুুতিক সৰঞ্জামৰ দৰে শব্দ কৰে। এই সৰঞ্জাম সমূহকলৈয়ে খোলাকতি বেণ্ড নামেৰে এটা বেণ্ড গঢ় লৈ উঠিছে। জানিব পৰা মতে খোলাকতি বেণ্ডটোৱে স্থানীয়ভাৱে অনুষ্ঠান পৰিবেশন কৰি আহিছে। ন চিন্তা তথা সৃষ্টিশীলতাই উদ্ভাসিত নিষাদ আগন্তুক দিনটো এনেধৰণৰ কৰ্মৰ দ্বাৰা আৰু উদ্ভাসিত হৈ উঠক। বহু শুভকামনা জনালো।


Comments (1)
Add Comment
  • Bhargab jyoti baruah

    Proud of u bro n keep it up