সাৰদা দেৱীক মণিপুৰ বিজেপিৰ নতুন সভাপতি হিচাপে নিযুক্তি

বিজেপিয়ে শনিবাৰে বিজেপি অসম প্ৰদেশৰ সভাপতি হিচাপে ভবেশ কলিতাক নিযুক্তি দিয়াৰ সমান্তৰালকৈ সাৰদা দেৱীক মণিপুৰ বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে ।এই নিযুক্তিসমূহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙে বিবৃতি জাৰি কৰে ।অসম বিধানসভাৰ বৰ্তমানৰ বিধায়ক কলিতাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ নৱগঠিত চৰকাৰৰ মন্ত্ৰী হোৱা ৰণজিৎ কুমাৰ দাসৰ স্থান ল’ব। আনহাতে সাৰদা দেৱীয়ে চাইখোম তিকেন্দ্ৰ সিঙৰ স্থান ল’ব ।

Comments (0)
Add Comment