সুন্দৰী ডায়েনা আকৌ প্ৰতিযোগিতাত

লেডী ডায়েনাক মনত আছে নে? এসময়ত লেডী ডায়েনাৰ সৌন্দৰ্য্যই সকলোকে উদবাউল কৰি তুলিছিল। আজি আপোনালোকক জনাবলৈ লোৱা নাৰী গৰাকী ও কিন্তু সৌন্দৰ্য্যৰ ফালৰ পৰা কোনো গুণে কম নহয়। তেখেত কোন জানেনে? তেখেত ডায়েনা মাৰাক। উল্লেখযোগ্য যে ইতিপূৰ্বে ডায়েনা মাৰাকে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ Mrs. India 2016 ৰ প্ৰতিযোগিতাত বিজয়ী হ’বলৈ সক্ষম হৈছিল।

ডায়েনা মাৰাকৰ ঘৰ শ্বিলঙৰ BSF কেম্পৰ সমীপত। শেহতীয়াকৈ Mrs. Universal ত অংশগ্ৰহণ কৰাৰ বাবে সুযোগ পাইছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই ফেশ্বন “শ্ব” টো লণ্ডনত অহা ৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব। ভাৰতৰ পৰা ৩ গৰাকীয়ে অংশগ্ৰহণ কৰিব। সৰ্বমুঠ ৪৫ খন দেশৰ সুন্দৰীয়ে এই জনপ্ৰিয় ‘শ্ব টোত অংশ ল’ব। সম্প্ৰতি এই শ্বত অংশগ্ৰহণৰ বাবে ডায়েনা মাৰাকে প্ৰস্তুতি চলাই আছে। আৰু তেওঁ অনুভৱ বিষয়ে আমাক এনেদৰে জনায়… ‘শ্ব ৰ বাবে টেনচন হৈ আছে। কনফিদেণ্ট আছে কিন্তু নাৰ্ভাচ হৈ আছো। তেনেধৰণৰ ‘শ্ব টি ভি তে দেখিছিলো। মই অংশগ্ৰহণ কৰিবলৈ পাই বহুত সুখী। নাজানো ফলৱৰ্ত্তী হও নে নহও! ইতিমধ্যে Diet Control কৰিছো, Fitness Maintain কৰিছো।

স্মৰ্তব্য যে সৰ্বমুঠ প্ৰায় ১০ যোৰ পোছাক ডায়েনাই পৰিধান কৰিব। পোচাক বোৰত South East India ক প্ৰতিনিধিত্ব কৰাকে ডিজাইন সন্নিবিষ্ট কৰা হ’ব। 

Comments (0)
Add Comment