সুশান্ত সিং ৰাজপুতৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব বায়’পিক

আজি কিছুদিন পূৰ্বে বলীউদৰ এটা আত্মহত্যাই সকলোকে জোকাৰি গৈছে। এই আত্মহত্যা আছিল বলীউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ। বৰ্তমানেও এই আত্মহত্যাৰ ঘটনাৰ ৰহস্য ভেদ হোৱা নাই। অতি কম সময়ৰ ভিতৰতে স্বকীয় প্ৰতিভাৰে বলীউদত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সুশান্ত সিং ৰাজপুতে। মহেন্দ্ৰ সিং ধোনীৰ বায়’পিকত ধোনীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শক তথা তেখেতৰ প্ৰতিগৰাকী অনুৰাগীৰ মাজত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।
 
 
সুশান্ত সিং ৰাজপুতৰ অনুৰাগী সকলৰ প্ৰচেষ্টাত নিৰ্মাণ হ’ব অভিনেতা গৰাকীৰ সমগ্ৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব এখন ছবি। ইতিমধ্যে পৰিচালকে সুশান্তৰ পৰিয়াল আৰু বন্ধু বৰ্গৰ সৈতে এই সমগ্ৰ বিষয় সন্দৰ্ভত কথা পাতিছে। ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত নিৰ্মাণ কৰিব। ছবিখনৰ পৰিচালনা কৰিব নিখিল আনন্দে। ছবিখন ক্ৰাউদ ফাণ্ডিঙৰ জৰিয়তে নিৰ্মাণ কৰা হ’ব। পৰিস্থিতি ভাল হ’লেই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। ২০২২চনত ছবিগৃহলৈ আহিবলগা ছবিখনৰ সুশান্তৰ চৰিত্ৰত কোনে অভিনয় কৰিব সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই।

Comments (0)
Add Comment