সোণাৰি নগৰ মণ্ডল বিজেপিৰ উদ্যোগত মাস্ক, হেণ্ড চেনিটাইজাৰ বিতৰণ

সোনাৰি নগৰ মণ্ডল বিজেপিৰ উদ্যোগত সোনাৰি নগৰ মহিলা মৰ্চাৰ সহযোগত সোণাৰি নগৰৰ সংবাদকৰ্মী,আশাকৰ্মী, এ.এন.এম নাৰ্চ, পৌৰসভাৰ চাফাইকৰ্মী আৰু বাতৰি কাকতৰ হকাৰসকলৰ মাজত গামোচাৰে তৈয়াৰ কৰা মাস্ক আৰু হেণ্ডচেনিটাইজাৰ বিতৰণ কৰা হয়। লগতে সোনাৰিৰ যুৱ সমাজকৰ্মী ঋতুৰাজ গোস্বামীয়ে সোণাৰি নগৰ মণ্ডল বিজেপিৰ যোগেদি হকাৰ সকললৈ  খাদ্যসামগ্ৰীৰ টোপোলা আগবঢ়ায়।
 
উক্ত কাৰ্যসূচীত বিজেপি চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, উপসভাপতি তিলক চন্দ্ৰ নেওগ, মিডিয়া আহ্বায়ক দিগন্ত শইকীয়া, সোনাৰী মণ্ডল বিজেপিৰ সভাপতি অভিজিত চেলেং,উপ সভাপতি বিতুপন চাবুকধৰা, সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱা, সোণাৰি নগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জলি খঙীয়া আৰু সাধাৰণ সম্পাদিকা নমিতা বুঢ়াগোহাঁই উপস্থিত থাকে।
খবৰ যুগুতালে সোনাৰিৰ পৰা অভিজিত ভূঞাই..

Comments (0)
Add Comment