২১ জানুৱাৰীত ছাত্ৰ আৰু যুৱ কল্যাণৰ উদ্যোগত আৰু মহাৰাষ্ট্ৰৰ তিনি খন মহিলা শিক্ষানুষ্ঠানৰ গুৱাহাটীৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ শিক্ষাৰ্থীৰ চাইকেল ৰেলী

বিকশিত ভাৰতৰ দিশে আৰু এখোজ আৰু মহাৰাষ্ট্ৰই হওক বা গুৱাহাটী মোৰ দেশ মোৰ মাটি শীৰ্ষক শ্লোগানেৰে অহা ২১ জানুৱাৰীৰ দিনা অসম আৰু মহাৰাষ্ট্ৰৰ ৫০ জনীয়া ছাত্ৰীৰ দল এটাই গুৱাহাটীৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ এক সজাগতা মূলক চাইকেল ৰেলী উলিয়াব।

অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ দাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ উদ্যোগত তথা মহাৰাষ্ট্ৰৰ পি, এন, ডোচি ৱমেন কলেজ অৱ আৰ্টছ,ইউ আৰ শ্বাহ ৱমেন কলেজ অৱ কমাৰ্চ আৰু ড° নানাৱতী ভানুবেন মহেন্দ্ৰ ৱমেন কলেজ অৱ হ’ম চাইঞ্চৰ সহযোগত আয়োজন কৰা হৈছে এই চাইকেল ৰেলী।

অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে জানিব দিয়া মতে – প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মোৰ দেশ, মোৰ মাটিৰ সংকল্পক সাৰোগত কৰি আৰু আগন্তুক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি শিক্ষাৰ্থী তথা যুৱ প্ৰজন্মৰ মাজত ৰাষ্টীয়তাবাদৰ ভাবধাৰাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে।

এই ৰেলীত মহাৰাষ্ট্ৰৰ শ্ৰীমতী পি, এন, ডোচি ৱমেন কলেজ অৱ আৰ্টছ,ইউ আৰ শ্বাহ ৱমেন কলেজ অৱ কমাৰ্চ আৰু ড° নানাৱতী ভানুবেন মহেন্দ্ৰ ৱমেন কলেজ অৱ হ’ম চাইঞ্চৰ একৈশ গৰাকী আৰু অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ত্ৰিশ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।দলটোৱে অসম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ হৈ মহাৰাষ্ট্ৰত উপস্হিত হ’ব। দলটোৱে ছয় খন ৰাজ্য পৰিভ্ৰমণ কৰি ২৭৫১ কিলোমিটাৰ পথত চাইকেল চলাই ২৬ দিনৰ অন্তত গেটৱে অৱ ইণ্ডিয়াত উপস্থিত হ’ব।

আনহাতে গেটৱে অৱ ইণ্ডিয়ালৈ চাইকেল ৰেলীত অংশগ্ৰহণ কৰা দলটোক অসমৰ আন এটা ১০০জনীয়া চাইক্লিষ্টৰ
দলে গুৱাহাটীৰ পৰা কিছু দূৰলৈ আগবঢ়াই দিব।
২১ জানুৱাৰীৰ পুৱা ৭ বজাত দিছপুৰ লাষ্টগেটৰ অসম বিধানসভাৰ প্ৰৱেশ পথৰ পৰাই এই যাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বনাথ দৈমাৰীয়ে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম বিধানসভাৰ উপাধ্যক্ষ ড° নোমল মমিন,তথ্য আৰু জনসংযোগ বিভাগৰ অধ্যক্ষ মানবেন্দ্ৰ দেৱ ৰয়।

Comments (0)
Add Comment