৩ বছৰ একে স্থানত থকা আৰক্ষী বিষয়া বদলিৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ

অসম আৰক্ষীৰ মুখ্যালয়ৰ প্ৰশাসনৰ সৈতে জড়িত বিষয়াসকলক নিৰ্দেশ দিছো যে তিনিবছৰ একেস্থানত থকা উপ-পৰিদৰ্শকৰ পৰা উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলৰ এখন তালিকা সাজু কৰিব লাগে। আৰু এই তালিকাত থকা বিষয়াসকলক ৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰা হ’ব।ইফালে অসম আৰক্ষীৰ যিসকল আৰক্ষী বিষয়া কোনো দুৰ্নীতি বা অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে বা থকা বুলি অভিযোগ উত্থাপন হয়, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সংবাদ মেলৰ যোগে মন্তব্য কৰে।

Comments (0)
Add Comment