৩ সচেতন যুৱকে যোৰহাটত গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ

নিজামুদ্দিন মাৰকাজলৈ যোৱা লোক সংস্পৰ্শলৈ অহা সমীক্ষা চলালে যোৰহাটৰ তিনি সচেতন যুৱকে ।যোৰহাট জিলা প্ৰশাসনৰ সহযোগত যোৰহাটৰ পাৰভেজ হুছেইন, ফিৰোজ হুছেইন আৰু বিকি ৰেকিব নামৰ যুৱক কেইজন যোৰহাট জিলাৰ মুছলমান অধ্যুষিত অঞ্চলবোৰত গৈ বুজ লোৱাৰ লগতে ক’ভিড ১৯ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে।
 
 
 
 
 
এই সম্পৰ্কত বিকি ৰেকিবে এন ই ফ’কাচৰ আগত এনেদৰে মন্তব্য কৰে -যি সময়ত সমগ্ৰ চ’চিয়েল মেডিয়াত হিন্দু মুছলমান বিৰ্তকই স্থান লাভ কৰিছে।সেই সময়ত আমি আগবাঢ়ি আহি চৰকাৰ তথা জনসাধাৰণৰ সহায়ৰ অংশীদাৰ হ’লো।স্মৰ্তব্য যে দিল্লীৰ নিজামুদ্দিন মাৰকাজৰ পৰা অহা কেবাজনো লোকক ক’ৰণা পজিটিভ পোৱা গৈছিল।দেশৰ সংকটৰ সময়ত যুৱক কেইজনে গ্ৰহণ কৰা পদক্ষেপক সচেতন মহলে শলাগ লৈছে ।

Comments (1)
Add Comment
  • Bikky rakib

    ধন্যবাদ এন ই ফকাচ৷
    আমাৰ কথা হ’ল এই সময়ত সকলোৱে একলগ হৈ এই মহামাৰীক জয় কৰা ৷লগতে ইয়াৰ দ্বাৰা এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছো এই সময়ত আমি প্ৰশাসনক সহযোগীতা কৰিব লাগে৷