৭১ তম স্বাধীনতা দিৱস

আজি সমগ্ৰ দেশৰ ৭১ তম স্বাধীনতা দিৱস। সমগ্ৰ দেশতেই বৰ্ণময় কাৰ্য্যসুচীৰে এই দিৱস উদযাপিত হৈছে। খানাপাৰাতো ৰাজ্যিক ভাবে এই দিৱস উদযাপন হয়। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খানাপাৰাত পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি দিয়া ভাষণত প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে পূৰ্বৰ তুলনাত ভাৰতবৰ্ষত দুৰ্নীতিৰ সংখ্যা হ্ৰাস পাইছে।

ই এটা সুখবৰ। অনাগত দিনতো দুৰ্নীতি প্ৰতিহত কৰাৰ বাবে সদায় সচেষ্ট থাকিম। এক্ট ইষ্ট নীতিৰ সঠিক ৰূপায়ণে ৰাজ্যখনক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ইতিমধ্যে কাম আৰম্ভ কৰিছে। বিত্তীয় অৱস্থা এতিয়া সম্পূৰ্ণ সুস্থিৰ। ভাৰত বাংলা দেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা আৰু বিদেশী অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ মাজমজিয়াত ১০০ বিঘা মাটিত শ্বহীদ স্মাৰক নিৰ্মাণৰ কথা সদৰী কৰে।

উল্লেখযোগ্য যে  স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। বিদ্যালয় মহাবিদ্যালয়ৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা যায়।

Comments (0)
Add Comment