ৰক্তদানেৰে যুগ্ম জীৱন আৰম্ভ কৰিলে মাজুলীৰ ভকতচাপৰিৰ সত্যজিতে

দেশত চলি আছে লকডাউন। তাৰ সমান্তৰালভাৱে চলি আছে বিয়াৰ বতৰ। ৰাজ্যৰ বিভিন্ন ঠাইত ক’ভিডৰ নীতি-নিয়ম পালন‌ কৰি বিবাহ অনুষ্ঠিত হৈছে।
ইয়াৰো ব্যতিক্ৰম নহ’ল মাজুলীৰ ভকত চাপৰিৰৰ এটা বিবাহ অনুষ্ঠান। মাজুলী ভকত চাপৰিৰৰ ডিম্বেশ্বৰ বৰাৰ পুত্ৰ সত্যজিত বৰাই ব্যতিক্ৰমী ধৰণে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে। জানিব পৰা মতে, সত্যজিত বৰাই টিম হিউমেনিটিৰ উদ্যোগত বিবাহ স্থলিতে ৰক্তদান প্ৰদান শিবিৰ অনুষ্ঠিত কৰে। সেই ৰক্তদান শিবিৰত ৩০ গৰাকী লোকে ৰক্তদান কৰে। বিবাহৰ লগত সংগতি ৰাখি টিম হিউমেনিটি লখিমপুৰ শাখাৰ উদ্যোগত টিম হিউমেনিটি প্ৰথমখন এম্বুলেন্স সেৱাৰো সেইদিনাই উদ্বোধন হয়। দেশৰ সংকটৰ সময়ত ব্যতিক্ৰমী ধৰণে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা কাৰ্য্যক সকলোৱে প্ৰশংসা কৰিছে।

Comments (0)
Add Comment