ৰঙিয়াত লোক নিৰ্মাণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা বিধা‌য়কৰ

ৰঙিয়া সমষ্টিৰ বিধায়ক তথা হাউছফেডৰ অধ্যক্ষ ভৱেশ কলিতাই আজি ৰঙিয়াস্থিত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ উত্তৰ সংমণ্ডল ক্ষেত্ৰীয় কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত আয়োজিত এক বৈঠকত লোক নিৰ্মাণ বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। বৈঠকত বিধায়কগৰাকীয়ে ৰঙিয়া বিধানসভা সমষ্টিত বিভাগটোৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনি যেনে পকী পথ, পকী দলং, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, বিভাগীয় পৰিদৰ্শন বাংলো আদিৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয়। তেওঁ লগতে বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহ-কাৰ্যবাহী অভিযন্তাৰ লগতে কনিষ্ঠ অভিযন্তাসকলৰ সৈতে আঁচনিসমূহ সঠিক ৰূপায়ণ আৰু পৰিকল্পনাৰ ক্ষেত্ৰত যাৱতীয় দিহা-পৰামৰ্শ প্ৰদান কৰে। অনাগত দিনসমূহত ৰঙিয়াবাসী ৰাইজৰ যোগাযোগ ব্যৱস্থা সুচলতৰ কৰাৰ লগতে সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰাৰ স্বাৰ্থত ৰূপায়ণ কৰিবলগীয়া উন্নয়নমূলক কাম-কাজসমূহ ক্ষিপ্ৰ গতিত নিয়াৰিকৈ সম্পন্ন কৰিবলৈ তেওঁ বিভাগৰ বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ প্ৰদান কৰে।
বাতৰি যুগুতালে ৰঙিয়া পৰা দিনেশ আগৰৱালাই

Comments (0)
Add Comment