ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত হিতাধিকাৰীসকলৰ মাজত অনুদান বিতৰণ

ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কাৰ্যালয়টোৰ প্ৰাংগনত আজি আয়োজিত এক অনুষ্ঠানত ৰঙিয়া মহকুমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ মাজত অনুদান বিতৰণ কৰা হয়।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ লগতে অন্যান্য অতিথিসকলে হিতাধিকাৰীসকলৰ হাতত অনুদানসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

হিতাধিকাৰীসকলৰ মাজত আজি কৃষিজাত সা-সঁজুলি, বেটাৰীচালিত স্প্ৰে মেচিন, ফেশ্বন ডিজাইনৰ সামগ্ৰী, স্বয়ংক্ৰিয় চিলাই মেচিন, টিনপাত, প্ৰেছাৰ কুকাৰ, ৰন্ধন গেছৰ চৌকা, কাঠমিস্ত্ৰীৰ সা-সঁজুলি আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি স্থানীয় বিধায়কগৰাকীয়ে কয় যে সাংবিধানিক নিয়ম অনুসৰি সমাজৰ আৰ্থিকভাৱে পিছপৰা লোকসকলক সকাহ দিয়াৰ বাবে কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত যাতে প্ৰকৃত পিছপৰা হিতাধিকাৰীয়ে প্ৰাপ্য সুবিধাসমূহ লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ বিভাগীয় বিষয়ববীয়াসকলৰ প্ৰতি আহ্বান জনায়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনৰ শাসনকালত দেশ তথা ৰাজ্যলৈ প্ৰকৃতাৰ্থতে “ভাল দিন” আহিছে বুলি তেওঁ উল্লেখ কৰে। এইক্ষেত্ৰত তেওঁ চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি, বিশেষকৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে।

অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰতিনিধি কুমুদ কাকতি, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, ৰঙিয়াৰ মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশ, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমা কল্যাণ বিষয়া অম্লান বৈশ্য, মহকুমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদৰ অধ্যক্ষসকলৰ লগতে মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰী ৰাইজে অংশগ্ৰহণ কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment