ৰস্নি হাচানৰ কথাৰে…

যিকোনো কামত অগ্ৰসৰ হ’বলৈ হ’লে আত্মবিশ্বাস অতি প্ৰয়োজন। এই আত্মবিশ্বাসে মোক মডেলিং জগতত প্ৰৱেশ কৰাৰ বাবে যথেষ্ট সহায় কৰিলে, এই মন্তব্য ২০১৭ বৰ্ষৰ Mrs United Nation খিতাপ বিজয়ী ৰস্নি হাচানৰ। উল্লেখযোগ্য যে ৰস্নি হাচানে জামাইকাত অনুষ্ঠিত হোৱা Mrs. United Nation 2017 শীৰ্ষক অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আমি ৰস্নি হাচানৰ পৰা জানিব বিচাৰিছিলো, তেখেতৰ এই যাত্ৰাৰ বিষয়ে, তেখেতে আমাক এনেদৰে জনায় … আচলতে সৰুৰে পৰাই দেউতাই শিকাইছিল, ধৈৰ্য্য আৰু সহ্যৰ অবিহনে কোনো ক্ষেত্ৰতে সফলতা লাভ কৰিব নোৱাৰি। সেই অনুসৰি নিজকে প্ৰস্তুত কৰি চলাইছিলো। মডেলিঙৰ ক্ষেত্ৰত ভৰি দিছিলো ২০১৬ চনত। Mrs India Earth নামৰ প্ৰতিযোগিতাত ছেকেণ্ড ৰাৰ্ণাচ আপ হ’বলৈ সক্ষম হৈছিলো। ইয়াৰ পিছত এই প্ৰতিযোগিতাৰ সঞ্চালক গৰাকীৰ সহযোগত এই বিশেষ প্ৰতিযোগিতালৈ যোৱাৰ সুযোগত লাভ কৰো। উল্লেখযোগ্য যে ৮ জুলাইত জামাইকাত অনুষ্ঠিত হোৱা Mrs United Nation প্ৰতিযোগিতাত ৩৫ খনৰ দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

ৰস্নি হাচানৰ মতে এই প্ৰতিযোগিতা কেৱল সৌন্দৰ্যৰ ওপৰত ভিত্তি কৰিয়েই অনুষ্ঠিত হোৱা নাই। অনুষ্ঠিত হৈছে মানৱীয় ভাব অনুভূতিৰ ওপৰত ভিত্তি কৰি। মহানগৰীৰ জু ৰোডৰ বাসিন্দা ৰস্নি হাচান এগৰাকী সফল ব্যৱসায়ীৰ লগতে পিংকাথনৰ লগতো জৰিত।

Comments (0)
Add Comment